অসমী আইলৈ বুলি.......

হায়দৰাবাদ, তেলেংগানা

সমীৰণ নেওগ
১৬ এপ্ৰিল, ২০১৭

মৰমৰ মা,

মৰম ল'বি। বৰদৈচিলাজনীৰ হাততে এসোপামান ৰঙালী বিহুৰ ওলগ পঠাইছো। তাই আমাৰ ঘৰৰ আগেদি যাঁওতেই তাইৰ পৰা সেইখিনি কাঢ়ি ল'বি। তই ছাগে চিঠিখন পাই আচৰিত হৈছ। আজিৰ যুগতনো কোনোবাই চিঠি লিখেনে বুলি! পিছে কি কৰিবি, জীৱনৰ লৰাধপৰাৰ মাজত যি এক-দুই মিনিট তোৰ লগত ফ'নত কথা পাতোঁ, সেইখিনি সময়ত গতানুগতিক কথাকেইটাৰ বাদে বেলেগ কথা পাতিবলৈ সময়েই নহৈগৈ। তাতে তই যি কেইটাহে প্ৰশ্ন কৰ সেইকেইটা প্ৰশ্নৰ উত্তৰ সকলোৰে সন্মুখত দিবলৈ কিবা লাজ লাগে দেখোন। ফ'নৰ চিগনেল নাই অহা বুলি কেইবাবাৰ যে তেনেকৈ তোৰ ফ'ন কাটি দিছো! কিন্তু পাছত দুখো লাগে, কাৰণ তই যে এতিয়াও ভাব তোৰ মৰমৰ সোনটো এতিয়াও সেই সৰু ল'ৰাটোৱেই হৈ আছে বুলি! কি কৰিবি মা, মই এতিয়াও তোৰ আঁচলৰ আগটো এৰি নিদিয়া সেই সৰু ল'ৰাটো হৈ থকা নাই। সেইয়েহে ফ'নত ক'ব নোৱাৰা কথাবোৰ ক'বলৈ তোলৈ এই চিঠিখনকে লিখিলো।

বিহু বুলি ঘৰলৈ যাব নোৱাৰিলো, বেয়া নাপাবি। জানই নহয় ইয়াত বিহু বুলি বন্ধ নাথাকে! থকা হ'লেও এদিন দুদিনৰ বন্ধত ঘৰলৈ যোৱাটো, তই ভবাৰ দৰে সহজ কথা নহয়। পাছত দিঘলীয়া বন্ধ লৈ যাম দে। জানো, তই সকলো বুজি পালেও কাষৰ বৰুৱানী খুৰীয়ে "ল'ৰাই বছৰেকৰ বিহুটোতো ঘৰলৈ আহিব নোৱাৰা কি চাকৰি কৰিছেগৈনো" বুলি সোধাৰ লগে লগে, বাহিৰে কঠোৰ উত্তৰ এটা দিলেও, ভিতৰে তই বালিঘৰ ভগাদি ভাগি পৰিবি বুলি। কিন্তু কি কৰিবি, উপায় নাই। অসমত সকলোৰে বাৱে চাকৰি হয় গৈ মানে আমিবোৰৰো হাঁড়ত বন গজিবগৈ।!

তই কুৰিয়াৰ কৰি পঠিয়াই দিয়া বিহুৰ পিঠাকেইটা পালো। লগতে বিহুৱানখনো। নাৰিকলৰ লাড়ুকেইটা খোৱাৰ সময়ত লাড়ুটোৰ ওপৰত আঙুলি বুলাই চাইছিলো, কিজানিবা তোৰ সেই খহটা হাতখনৰ পৰশ পাঁও! বিহুৱানখনো বাৰে বাৰে শুঙি চাইছিলো, কিজানিবা তাত মিহলি হৈ থকা তোৰ হাতৰ সেই চিনাকি গোন্ধটো পাঁও! পিঠাকেইটা দেখি বিহু-বিহু যেন অনুভৱটোৰ অভাৱ বহুখিনি আঁতৰিছিল। আন কাৰোৰে লগত ভাগ বটোৱাৰা কৰিবলৈ মন নাছিল যদিও কেইটামান পিঠা আজি অ'ফিচলৈও লৈ গৈছিলো। সকলোৱে টকালি পাৰি খালে। নাৰিকলৰ লাড়ুকেইটাৰ কাৰণে এক প্ৰকাৰ থপিওৱা থপিয়েই লাগিছিল বুলি ক'ব পাৰি।

দেউতাই তহঁত দুজনীৰ কষ্ট নহওক বুলি বজাৰৰ পৰা পিঠা-লাৰু কিনি অনা দেখি ভন্টীয়ে সেইকইটা ওলোটাই বৰা চাউল-নাৰিকল আনিবলৈ দেউতাক বাধ্য কৰোৱা কথাটো জানি ভাল লাগিল। আজিৰ যুগৰ ছোৱালী হৈয়ো তাইৰ সেই অসমীয়া-স্বগৌৰৱৰ কথা মই সলাগ লোৱা বুলি তাইক ক'বি। সেইকন স্বগৌৰৱো যদি অসমীয়াই হেৰোৱাই পেলাই তেন্তে অসমৰ মৰমৰ গামোচাখনৰ স্থান আজিকালি বাহিৰৰ মেচিনত বনোৱা দুহতীয়া গামোচা নামৰ কাপোৰকনে দখল কৰাৰ দৰে কোনোবাদিনা এই পিঠা-পনা বোৰৰো ঠাই বাহিৰৰ মিঠায়ে দখল কৰিবগৈ(আজিকালি পিঠা-পনাৰ ঠাইত কে'ক বনোৱাৰ প্ৰথা এনেয়েও আৰম্ভ হৈছেই) ।

অ' মা, মোৰ আলমাৰিটোৰ ওপৰত যে ঢোলটো আছে,সেইটোত ইমান দিনে ধুলিৰ চামনি পৰিব পাই। নমাই আনি ধুলিবোৰ আঁতৰাই দিবিচোন। পাৰিলে ঢোলটোত মেৰিয়াই থোৱা গামোচাখনো সলাই দিবি। ওচৰৰ পিকুৱে ঢোলটো বিচাৰি আহিলে নিদিয়াকৈ নাথাকিবি, মই নথকাত সিয়েই বজাওক সেইটো। আলমাৰিটোৰ ভিতৰৰ মোনাএখনতে সুতুলি এটাও আছে, সেইটোও দি দিবি। আৰু পাৰিলে সিহঁতক মাতি বুজাবিচোন, কেইটামান টকাৰ লোভত মঞ্চই মঞ্চই গৈ হুঁচৰিৰ প্ৰতিযোগিতাত ভাগ ল'লেও, ঘৰে ঘৰে গৈ হুঁচৰি গোৱাৰ প্ৰথাটো যাতে বাদ নিদিয়ে। কিন্ত তাকে কৰোঁতে, মাজনিশা ঢোলৰ মাত শুনি হুঁচৰি আহিব বুলি শৰাই-বঁটা লৈ বাট চাই থকা, হাজিৰা কৰা ভদাইৰ সৰু জীয়েক জনীৰ দৰে মানুহবোৰৰ মনও যাতে নাভাঙে, তাকো সোঁৱৰাই দিবি। তই ক'লে মানিব সিহঁতি, খুউব ভয় কৰে তোলৈ।

মা, আমাৰ ঘৰৰ সন্মুখৰ কাকিনিজোপাত মই ৰোৱা কপৌজোপা এইবছৰ ফুলিছে চাগে ন! পদুলিমূৰত থকা তগৰজোপা একা? সেইজোপাও বগাহৈ ফুলিব পাই! হুৱাটস্এপতে ফ'ট' এখন পঠিয়াবিচোন! ওচৰতে যদি কেতিয়াবা কেতেকী বা কুলি জনীয়ে মাতে, পাৰিলে সেইয়াও ৰেক'ৰ্ড কৰি পঠিয়াবি। দুৰৰ ক'ৰবাত ৰঙা হৈ ফুলি থকা পলাশজোপাত মাতি থকা কুলিৰ মাত, ঘৰৰ ওপৰেদি পাৰ হৈ যাঁওতে মতা কেতেকীজনীৰ মাত, ভৰ দুপৰীয়া কোনোবা পথাৰত ম'হৰ পিঠিত বহি আপোন মনে বজাই থকা কোনোবা ডেকাৰ বাঁহিৰ মাত নতুবা মাজনিশাৰ নিৰ্জনতা ভাঙি ভাঁহি অহা কোনোবা হুচৰি দলৰ ঢোলৰ মাত, এইবোৰ নুশুনিলে দেখোন বিহু যেনেই নালাগে! ইয়াত থাকি সেইবোৰ মাত শুনাই নাই নহয়! সেয়ে ইয়াত এতিয়া ব'হাগ নে আহিন একো ধৰিবই পৰা নাই। ক'ৰবাত কিবাকৈ সেইবোৰ মাত ওলালেও গাড়ীমটৰৰ কাণ তালমৰা শব্দত সেই সকলো তল পৰে।

ইয়াৰ আকাশখনো যেন ব'হাগৰ আকাশ নহয়! পলাশ-সোনাৰু, নাহৰ-তগৰ একোকেই ইয়াত দেখিবলৈ নাই। গগনচুম্বি অট্টালিকাবোৰৰ উৎপাতত আকাশখনই ভালকৈ দেখা নাপায়। এই বোৰৰ মাজত উশাহ বন্ধ হৈ যাব খোজে। কোনোবাই যেন চাৰিওফালৰ পৰা চেপি ধৰিছে, তেনে ভাৱ হয় কেতিয়াবা। ধুলিৰ আৰু ধোৱাঁৰ উৎপাতত নাকৰ ফুটা বন্ধ হোৱাৰ উপক্ৰম হোৱা এই দেশত নাহৰ-তগৰ-মাহ-হালধি-নতুন কাপোৰৰ মিশ্ৰিত গোন্ধটোৰ অভাৱ বৰকৈ অনুভৱ কৰো। ঘৰে ঘৰে গৈ যুটি লোৱা চিৰা-পিঠা-দৈৰ সোৱাদৰ কথা নকলোৱেইবা! মা তই যে যোৱা বছৰেই মোক মুগাৰ নতুন চোলা এটা দিয়াৰ কথা আছিল, মই এতিয়াও পাহৰা নাই কিন্তু! যোৱাবাৰ বাৰু কিবা কাৰণত দিব নোৱাৰিলি, এইবাৰ কিন্তু পাল মাৰিলে নহ'ব। তই লৈ থবি, মই গৈ পিন্ধিমগৈ। যিমানে খালেও তোৰ কাঁহীৰ পৰা এগৰাহ নোখোৱালৈকে আগতে যেনেকৈ মোৰ খালো যেন নালাগিছিল, ঠিক তেনেকৈ যিমানে নতুন কাপোৰ ল'লেও বিহুত তই দিয়া নতুন চোলাটো নিপিন্ধালৈকে বিহু বিহু যেনেই নালাগে!

তোৰ চাগে চিঠিখন পঢ়ি এতিয়ালৈ চকুপানীৰ ধাৰ বৈছে। হ'ব দে, ইয়াৰ পাছত ঘৰলৈ গ'লেই এই সকলোবোৰৰে সোৱাদ ল'মগৈ। পিছে মই যোৱালৈ ব'হাগ গুচি, জেঠৰ বাৰ খৰ আৰম্ভ হ'বগৈ। উপায় নাই আৰু কি কৰিবি!

আৰু লিখিবলৈ মন আছিল যদিও বহুতদিন অসমীয়া লিখাই নাই নহয়, সেয়ে হাতখন সিৰামুৰীয়ে ধৰিছে। চিঠিখন দেউতালৈ নিলিখাৰ বাৱে অসন্তোষ কৰিবলৈ মানা কৰিবি। ক'বি, দেউতালৈ বেলেগকৈ এখন লিখি পঠিয়াম বুলি। জীৱনৰ এই লৰালৰিৰ মাজতো তোলৈ খৰধৰকৈ হ'লেও এই চিঠিখন লিখাৰ পাছত মনটো কিমান যে পাতল লাগিল! আজিলৈ সামৰো দে। দেউতা আৰু ভন্টিক মোৰ মৰম দিবি।

ইতি,

তোৰ সোণ।