যোৱাবছৰ বিহু সাং কৰি লিখিছিলো.... ৰাইজলে আগবঢ়ালো
বিনয় শৰ্মা
উপসভাপতি, লুইতপৰীয়া
ৰাতি কেতেকিৰ মাত শুনা নাপাও , কুলিৰমাত'ত ৰাতিও নুপুৱায়, বিহুৱাৰঢোলৰ চাপৰতব'হাগঅহাৰ বাতৰিও নাপাও.....এৰাহ আমিযে বহু দুৰত ..... দুমাহমান আগতে হঠাতে ফোণত এটা ক'ল পালো , চিনাকী দিলে মানুহ জনে, তেখেত ৰনজীত শইকীয়া, কিনো কলে ইমান মনত নাই ,যদিও বিহুৰ কথা কৈছিল...গতিকে দ্বিতীয়বাৰ ভবাৰ অৱকাশ নাই । যথা দিনত যথা সময়ত আমি গোট খালো লুইতপৰীয়া(হায়দৰাবাদআছামএছ'ছিয়েচন) বেনাৰৰ তলত....দুই এখন চিনাকী মুখ.... বাকি সকলো অচিনাকী । ১৩ টা বসন্ত গৰকা এই অনুষ্ঠানটোৰ আছে এটা ইতিহাস । নিজ পৰিয়াল বা নিজ ঘৰৰ পৰা সহস্ৰ যোজন দুৰত থকা লোকসকলক একগোট কৰি দি আহিছে এক আচ্ছাস, হয়তো এই বিহুটি তাৰেই প্ৰয়াস । অকল এয়েই নহয় চিকিৎসা জনিত কাৰনত অহা লোকসকলক সকলো প্ৰকাৰে সহায় কৰা নতুবা চাকৰি বা উচ্চ শিক্ষাৰ বাবে ইয়ালৈ অহা লোক সকলক সহায়ৰ হাত অগবঢ়োৱা আদিকে ধৰি অসমীয়া কৃষ্টি সংস্কৃতিক , ইয়াৰ ভৌগলিক পৰিৱেশ বিভিন্ন জনৰ মাজত প্ৰচাৰ কৰা আদিবোৰ কাম নিৰন্তৰে কৰি আহিছে। বোলে একালৰ বৃন্দাবন একালত পৰে চ'ন... সেয়াই হ'ল লুইতপৰীয়াৰ লগত...গতিকে প্ৰথম প্ৰদক্ষেপ লোৱাহল যে বিভিন্ন কাৰনত সুপ্তপ্ৰায় হোৱা লুইতপৰীয়া(হায়দৰাবাদআছামএছ'ছিয়েচন) অনুষ্ঠানটোক পুনৰউৎজিৱিত ক'ৰা । বেছি সময় নললো, আমি উপস্থিত ৰাইজে ইয়াৰদায়িত্ব ভাৰ ভগাই ললো। সকলো যে বেগ্ৰ .... দ্বিতীয়তে বহু প্ৰত্যা্শী বিহুৰআলোচনা, সকলোৰেসুবিধালে লৈক্ষ্য ৰাখি ইং ১৪মে তাৰিখতো থিৰাং কৰিলো । যিহেতো সকলোব্যস্ত কৰ্মজিৱনকলৈ, আামি বহু আলোচনা আৰু সিদ্ধান্ত ৱাটছএপৰ জৰিয়তেই কৰিলো । সিদিনা লগ পোৱা অচিনাকী মুখবোৰচোন লাহে লাহে এটাএটা সমবন্ধলৈ পৰিৱৰ্ত্তন হ'ল, কা্ৰোবাৰ ভাইটি যদি কাৰোবাৰ বিনয়দা হ'লো, কোনাবা অকৌ বৌ হ'ল যদি কোনোবা বাইদেউ হ'ল আৰু কোনোবা ভনী জোৱাঁই । আমাৰ হায়দৰাবাদৰ অসমীয়া পৰিয়ালটো বাঢ়িবলৈ ললে.... মনতোভাললাগিল , এয়াই নিকি হ'মএৱে ফ্ৰম্ হ'ম ... এফালে কামৰ তাগিদা , এফালে পৰিয়ালৰ দায়িত্বতাতে আকৌ নতুন এজনা পৄথিৱীলে আহো আহো, তাৰ ওপৰত আকৌ ময়ূৰীবৌৰ তদাৰকসনা ফোণকল,অই তই আহিছনে আখৰালে ... চাবি কিন্তু হুছৰি বেয়া হ'ব লাগিলে ঠেং ভাঙিম । তথাপি মনতএটা সাহস আছিল, সৰুতে ঘৰে ঘৰে গাব' যোৱা হুছৰিৰ খুতি-নাতি বোৰ মনত পেলাবলৈ প্ৰয়াস কৰিলো , পিছে ২৫ বছৰ বহু সময়.... প্ৰতিজন ব্যক্তিয়ে নিজৰনিজৰ দায়িত্ব পালন ক'ৰিআগ বাঢ়িলো... ফাংচন হল্, নিমন্ত্ৰিতশিল্পী,ঢোলীয়া, পেঁপা,খুতি তালৰ পৰা আৰম্ভ কৰি গাওঁবুঢ়াৰ লেম্ টো লৈকে...। ইপিনে ময়ূৰীবৌ আৰু দিপাংকৰদাৰ ঘৰটো আখৰা গৃহলৈ ৰুপান্তৰিত হ'ল। অকল সেয়াই নহয়, আখৰাৰ মাজত চাহৰ যোগান, শেষতআকৌ ভাতৰ যোগান , পিছে আমাৰ নাচনীসকলেও আখৰাৰ সমানে সমানে পাকঘৰৰ দায়িত্বও ভগাই ল'লে........ ভাব হ'য় মানুহে নিজৰ ল'ৰা ছোৱালীৰ বিয়াতো ইমান দায়িত্ব নলই ছাগে যিমান খিনি আমাৰ প্ৰত্যেক জনে মুৰ পাতিলৈছে...... এনেতে আমাৰ উৎসাহক দুগুন কৰি তুলিলে এটা নতুন খবৰে যে News 18 Assamease নামৰ নতুন চেনেলটোৱে আমাৰ বিহু পোনপতিয়াকে সম্প্ৰচাৰ কৰিব । খবৰটোৱে আমাক উৎসাহিতকৰিলে সচা, লগতে চিন্তিতও কৰি তুলিলে, কাৰন অনুষ্ঠানটোৰ মানদণ্ড উচ্চ খাপৰ কৰিবৈ লাগিব । মোৰো পৰিয়াল বাঢ়িল, বহাগী, মানে মোৰ নৱজাতিকা, হাস্পাতালৰ পৰা ঘ'ৰ আহি পালেহি,মইও সুবিধা মিলাই আখৰাত ভাগ লবলৈ আৰম্ভ কৰিলো.... তাতেই লগ পালো আমাৰ শিৱসাগৰৰ ঢোলীয়া,গুনিন্দ্ৰ,আমাৰ গুৰু, ভাইটি সদৃশ । তাৰ এইকেই দিনত ঢোলতকৈ ধৈৰ্য্যৰ পৰীক্ষাহে বেছি হ'ল। পুৰথ বাঁহ ভাজ লগাবলৈ টান যে । পিছে সি তাৰ স্বভাব সুলভ ধেমালীৰে সকলোকে মুহিৰাখিছিল। সমান্তৰালভাবে তৃষ্ঞা-বাৰ নেত্ৰিত্বত বাকি সাংস্কৃতিক অনুষ্ঠানৰ আখৰাআগবাঢ়িল । আতাইতকে ধুনীয়া কথাটো হ'ল যে সুসীম, মানে আমাৰ ভনী জোঁৱাই, তেখেত ভোপালৰ, আমাতকৈও বেছি উৎসাহী, ল'হ'ৰীত কেনেকে নাছিম, পেঁপাত নাচনিয়ে কেনেকে নাছিব, কোনআগত, কোন পিছত, কেনেকে উঠিম, কেনেকেবহিম...উফ্ ... তেখেতৰ উৎসাহে এইটো আচ্ছাশদি গ'লযে, অসমীয়া জাতিটো আৰু ইয়াৰ সংস্কৃতি কেতিয়াও লোপ নাপায় আৰু পাবনোৱাৰেও...ই চিৰ' বহ্নিমান... শেষত আহি আমি বহু আকাংক্ষিত দিনটোত উপস্থিত হলোহি, আমি সমিতিৰ মানুহখিনিয়ে সকলো যা-যোগাৰ কৰি অতাও মানে সভা গৄহ ভৰিপৰিল... মনতো ভাল লগিল যে হায়দৰাবাৰ গৰমক নেওচি হলেও মানুহবোৰ বিহুত ভাগ লবলৈ আহিছে... শিপাদাল হেৰাই যাব দিয়া নাই... News 18 Assamease চেনেলৰ কৰ্মিবিন্দ আহি সম্প্ৰচাৰৰ বাবে সকলো যোগাৰ কৰি ললে। চিনাকি হলো সাংবাদিক জয়ন্তমাধৱ আৰু ইভা গোস্ৱামীৰ সৈতে.... বেছ ৰসাল ব্যক্তিত্ব দুয়োৰে, কেতয়াও লগা নাছিল যে আমিবোৰ নতুন চিনাকি। দুয়োৱে উপস্থিত ৰাইজৰ মনৰ কথাবোৰ TVৰ কেমেৰাত বন্দী কৰি গ'ল.... ঘড়ীত ৭ বাজিলে, প্ৰনয় আৰু নম্ৰতা, আমাৰ অনুষ্ঠানটোৰ আঁতধৰিবলৈ আগবাঢ়িল, হায়দৰাবাদ নিবাসী অসমীৰ সন্তান মেজৰ গোস্ৱামী দেৱ আৰু অসমৰ জোৱাঁই প্ৰবিন দেবে বন্তি প্ৰজ্বলীত কৰি অনুষ্ঠানটো শুভা্ৰম্ভকৰে । আমাৰ সভাপতি চন্দন ঠাকুৰ (চন্দনদা)দেবে সমূহৰাইজক আদৰনী জনাই মঞ্চ মুকলি কৰে । এটা অগতানুগতিক সমবেত সঙ্গীতেৰে সাংস্কৃতিক সন্ধীয়াৰ কাৰ্য্য ক্ৰমণিকা আৰম্ভকৰা হ'ল । বিশেষত্ব আছিল ইয়াত প্ৰাৰ্থনা,জিকিৰ, বিহু, ঝুমুৰ, জ্যোতিসঙ্গীত,ৰাভা সঙ্গীত, ভূপেন্দ্ৰ সঙ্গীত সকলোকে সামৰি লোৱা হৈছিল, যেন হাতী মাৰি ভূৰুকাত হে ভৰোৱা হৈছিল । ইয়াৰ পিছত বিভিন্নজনে তেখেত সকলৰ মনোগ্ৰাহী অনুষ্ঠান পৰিবেশন কৰি গ'ল । তাৰ মাজতে আকৌ লুইত পৰীয়াৰ নৱ প্ৰজন্ম নিল, নিৰ্ৱাণ,নিহাৰীকা,কৃষি, কুঁহি, আমিফা হঁতে অসমৰ বিভিন্নগোষ্ঠি-জনগোষ্ঠিৰ পাৰম্পৰিক পোছাক পৰিধানকৰি ৰাইজৰ বিপুল সহাৰি লাভ কৰে। জিতেন নাথ আৰু তেখেতৰ পৰিবাৰ পাপৰি নাথ , দুয়ো যেন অতিতৰ সুনালী দিনবোৰ ম'নত পেলাই প্ৰাণ ধালি গীত পৰিৱেশন কৰিলে, যেন.. মেড ফ'ৰ ইচ্চ আদাৰ.... ৰসিকাবা-এ নিজৰ দুহিতাৰ লগত অসমীয়া বোলছৱীৰ গান গাই প্ৰমান কৰিলে যে অসমীয়া কৃষ্টিৰ বেটনদাল নৱ প্ৰজন্মৰ হাতলৈ আগবঢ়াই দিয়া হৈছে।
হুছৰিগাবলৈ মঞ্চত উথোতে, ৰাইজৰ উৎসাহ আছিলচাবলগীয়া,উপস্থিত থকা প্ৰিতজন ব্যক্তিয়েঢোলৰছেৱত নিজকে বিলাই দিলে... পাহৰি গ'ল ঘৰ'ৰ পৰা সহস্ৰ যোজন দুৰত থকা বেদনা, কুলি কেতেকিৰ মাত শুনিব নোপোৱাৰ বেদনা... হুছৰিক সেৱা জনাই আশিৰ্ৱাদ লবলৈ ৰায়চৌধৰী পৰিয়াল মঞ্চলৈ অহাত... গোটেই ৰাইজে আশিৰ্ৱাদ দিবলৈ গালে.... লাইৰ মা-জেমাজে, লফাহা-লেজালে,তাৰ মাজত খোটোৰা শাক.. মুৰ-ৰছু-লিছিঙি আশিৰ্ৱাদ কৰিছো , গ্ৰহস্থ কুশলে থাক.... হুছৰিৰ পিছত মঞ্চ দখল কৰিলে আমাৰ নিমন্ত্ৰিত অতিথি শিল্পী প্ৰকৄতি বৰদলৈ বাইদেউৱে.... তেখেতৰ অনুষ্ঠানে প্ৰায় ডেঢ় ঘণ্টা সময় মোহচন্ন কৰি ৰাখিলে... বিহুৰ অনুষ্ঠান সপ্তম শিখৰ পালেগৈ... এনেকুৱা কোনো নাছিল যিয়ে নিকি ঢোলৰ ছাপৰত এপাক নচা নাছিল , News18 Assamease ৰ আমাৰ নতুন বন্দ্ধুবৰ্গৱেও আমাৰ সমানে সমানে নাচিছিল, বৰদৈছিলা জনীয়েও ঢোলৰ শব্দত আমাক বিছাৰি আহিলে আৰু এজাক বৰষুণেৰে বতৰটো মোহনীয়া কৰি থৈ গ'ল.... এনেকুৱা লাগিছিল যেন ৰাতিটো শেষ নহওক, বিহুৰ ওৰ নপৰক........ অনিচ্ছা স্বতেও বহু কষ্টৰে নিজকে বুজনি দিআকৌ অহা বছৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰেবিহুৰসামৰনি ঘোষনা কৰা হ'ল। ঘৰলৈ উভতিবলৈ লৈ ভাবিলো কিবা এৰিলোনিকি,বুকুখনগধুৰ হ'ল যদিও ভাবিলো, মইছোন এসোপাসমবন্ধ আৰু এটা মিঠা স্মৄতিলৈহে উভতিছো.......