সময়ৰ সোঁতট এক উভটনি যাত্ৰা
বিনয় শৰ্মা
উপসভাপতি, লুইতপৰীয়া
অ'হ ককা সাৰ পালেই| ককাৰ গল খেকাৰিটোৱেই মোৰ বাবে ৰাতিপুৱাৰ এলাৰ্ম ক্লক | তেখেতৰ লগত ৰাতিপুৱা খোজকাঢ়িব যোৱাটো মোৰ অভ্যাস | চেণ্ডেলযোৰ ভৰিত সোমোৱাই লও মানে ককায়ে নঙলা খোলিলেই| ককায়ে ৰেল লাইনাৰ মাজেৰে আগবাঢ়িল আৰু মই ৰাস্তাত পৰি থকা শিলগুটি বোৰলৈ কপিল্ দেৱ্ হোৱাৰ চেষ্টা কৰি কৰি ন' আালিৰ ধাননী পথাৰখন পালোহি| নিয়ৰৰ টোপাল, ঘাহঁ আৰু ধুলীৰ সংমিশ্রণত মোৰ চেণ্ডেলযোৰ ইতিমধ্যে ভালেখিনি গধুৰ হৈছে| ককায়েটো খালি ভৰিৰেই খোজ কাঢ়ে, ময়ো সেইযোৰ আলিৰ কাষতে খুলিথৈ তেখেতৰ লগে লগে (আচলতে দুখুজমান আগে আগে) খোজ দিছো| আলিটোৰ দুয়োকাষ ধুনীয়া ঘাহেঁৰে ভৰি পৰিছে, পিন্তীজনীক এদিন ইয়াতে এৰাল দিব পৰা হ'লে... পিছে তাই মুৰ পুলুকা মাৰিলে হ'ল আৰু| ব'ন কেইডালৰ আগত নিয়ৰৰ টোপালবোৰ ওলমি আছে আৰু জিঞাঁ দুটাই খেদা খেদি কৰি আছে| অ'হ, "ককা এইখিনি ৰুবুলহঁতৰ খেতি ন'? ধানখিনি যে বাগৰি পৰিল.. ইয়াত ধান হবনে পতান হ'ব'?", "এৰাঅ' যোৱা ৰাতি বতাহ জাকে বগৰালে, ধুনীয়াকে ঠণ ধৰি উঠিছিলহে"| আমাৰ খেতিডৰা পালোহি, ককাই ইয়াতে ৰ'ই অলপ সময় ডাঠ সেউজীয়া ধানৰ গুছীবোৰলৈ চাই ৰ'ল| লাহিখিনি ধুনীয়া হৈছে আৰু বৰা চাউলৰ কঠিয়াখিনিটো ৰং ধৰিছে, সৰু আলিটোৰে খেতিৰ মাজলে সোমাই গলো... কাতি বিহুত চাকি জ্বলাওটে ব্যৱহাৰ কৰা ক'লৰ গছাটো সোকোৱাই নাই| "দাইটি খোজ কাঢ়িছে, অই গুৱাহাটীয়া তই তাতে সোমাই কি লেখিছ", সেয়া মনাই কাইটি, মৰ্নিংগ ছিফটলে যাই| কিবা উত্তৰ দিওমানে সি জপণা পাৰ হলগে| "আমিও ওভতো আহ", খেতিডৰাৰ পৰা ওলাই ডাঙৰ আলিটোত ওঠিলো, "ককা, পিন্তীজনীক আজি সৰুককহঁৰ কঠিয়াতলিত এৰালদিম নিকি, সিহঁতৰ বাঁহ কাটি আছে, বাঁহৰ পাত খাব পাব" , "দিবি"| মোৰ ভৰিদুয়োখন নিয়ঁৰত ইমানেই তিতিলযে চেণ্ডেলযোৰ হাতত্ লব লাগিল, এইটো মই বৰ বেয়া পাও ....
... ধুলীৰ ওপৰত মোৰ খোজৰ ছাপবোৰ গণি গণি উভটোতে দেখিলো নামঘৰৰ সন্মুখৰ আজোককায়ে ৰোৱা ডাঙৰ আহঁত জোপাত ধেৰ হাঁইঠা। মই এনেয়ে আঙ্গুলী দুটা কেটেপাৰ দ্বৰেলৈ মুখেৰে শব্দ এটা কৰি গুটেইজাকটো হুৰাই দিলো| সিহঁতৰ ডেউকাৰ শব্দ আৰু লৰা ধপৰা চাই ভাল লাগে। "নাপায় অ', তোক যদি কোনোবাই খোৱা পাতৰ পৰা জোৰ কৰি উঠাই দিয়ে..."। অলপ ৰ'লো, এইবাৰ আকৌ মই ৰাস্তাৰ শিল এটা হাততলৈ সন্মুখৰ আমজোপাক পোনাই কপিল্ আৰ'ধনা কৰিলো। ৰজহুৱা নামঘৰটো পাৰহলেই আমাৰ ঘৰ। এই ঘৰটো মোৰ বাৱে এটা গৌৰৱ । ঘৰটো যদিও টিনপাতৰ কিন্তু খুটাবোৰ চূণচুৰুকী কৰোৱা, লোহাৰ ৰড্ বা চিমেণ্টেৰে সজোৱা নহয়। ঘৰটোৰ মজিয়া কেচা যদিও তিনিওজনী মাহীৰ হাতৰ পৰশত ফু-মাৰি ভাত খাব পাৰি। আগচোতালত এটা পুখুৰী আৰু পিছপিনে বাৰীত এটা আহোমৰজাৰ দিনীয়া হাতীখোজীয়া পুখুৰী। দুয়ুটাতে কেতিয়াও পানী নুশুকাই। "তই ৰাস্তাত কি কৰিছ, সোনকালে মোখ ধুই পঢ়াত নবহ কিয়, মাৰে এনেয়ে থৈ যোৱা নাই নহয়, মানুহ কৰিবলেহে"। আইতায়ে গা-পা ধুই গোঁসাইঘৰটো মুছিবলে পুখুৰীটোৰ পৰা পানী নিব আহিছে। আইতাৰ পিছৰফাঁকী কথা দিনটোত বহুবাৰ শুনো, বুজিহে নাপাও...। "চাওকছোন, মোৰ স্কুল বন্ধ', দেৱালীৰ পিছতহে খুলিব, তথাপিও এতিয়াই কিয় পঢ়িবলাগে" । দৌৰমাৰি আহি আইতাৰ কাষত বাহঁৰ দলং খনৰ পৰা পানীলৈ জুপিবলৈ ধৰিলো, আইতাই পান ভৰাই গলগৈ। কালি ককাই কম'ন কাৰ্ড এটা ডাঙৰ পুখুৰীৰ পৰা ধৰি আনি ইয়াতে এৰি দিছে, নাই নেদেখিলো, সিৱো কৰোৱাত টুপনীয়াই আছে ছাগে। মোৰ ভৰিদুটাৰে পানী ধুকীনোপোৱা হৈছে, সেয়ে নামিগলো পানীৰ যোৱলীলৈ, ভৰি পখালীহে ঘৰ সোমাব পাৰিম।